Logo
image

সাংসদ দিলীপ শইকীয়াই ক'লে, "ৰাজনীতিৰ ক্ষেত্ৰখনত গৌৰৱ গগৈয়ে পেৰাচ্যুতেৰে লেণ্ডিং কৰিছে"

'আমাৰ অসম'ৰ, কমলপুৰৰ প্ৰতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ "ৰাজনীতিৰ ক্ষেত্ৰখনত গৌৰৱ গগৈয়ে পেৰাচুটেৰে লেণ্ডিং কৰিছে। গৌৰৱ গগৈয়ে সাংসদ হোৱাৰ আগতে কোনখন গাঁৱৰ বোকাপানী গছকি পাইছিল? পৈতৃক সম্পত্তি স্বৰূপেহে গৌৰৱ গগৈয়ে সাংসদ হৈছে। নিজৰ খুড়াকক আঁতৰ কৰি উপ-নিৰ্বাচনৰ জড়িয়তেহে গৌৰৱ গগৈয়ে সাংসদ হৈছে।  গৌৰৱ গগৈয়ে খেতিপথাৰত নামি পোৱা নাই। গৌৰৱ গগৈক জোকে খাই পোৱা নাই বা বিছাইও দাকি পোৱা নাই। সেয়ে গৌৰৱ গগৈয়ে সাধাৰণ ৰাইজৰ কথা কেনেকৈ চিন্তা কৰিব।"- শনিবাৰে  মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এনেদৰে তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ সাংসদ গৌৰব গগৈক। 

লগতে সাংসদ দিলীপ শইকীয়াই কয় যে যদিহে গৌৰৱ গগৈয়ে নগাওঁ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেনেহ'লে বিজেপি বা এনডিএৰ প্ৰাৰ্থীক সৰ্বশক্তি প্ৰয়োগ কৰি বিজেপিয়ে জয়ী কৰাব। বাইহাটা পঞ্চায়তৰ অন্তৰ্গত গোপাল মন্দিৰৰ দেৱালত পদুম ফুলৰ চিহ্ন অংকন কৰি সাংসদগৰাকীয়ে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই কঁকালত টঙালি বান্ধি সাজু হৈছে বুলিও সদৰি কৰে।